ক্ষেত্ৰীঃ ক্ষেত্ৰীত পুনৰ সংঘটিত হ’ল এক শোকাৱহ দুৰ্ঘটনা। ক্ষেত্ৰীৰ নোৱাগাঁৱৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এগৰাকী মহিলাসহ থিতাতে তিনিজন লোকৰ কৰুণ মৃত্যু হয়। আনহাতে, গুৰুতৰভাৱে আহত হয় আন তিনিগৰাকী যাত্ৰী।
জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ দিশৰ পৰা নগাঁও অভিমুখে তীব্ৰ বেগেৰে গৈ থকা এটা পৰিয়ালৰ হোণ্ডাই আই-১০ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ৰেলিঙত প্ৰচণ্ড জোৰে খুন্দা মাৰে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 01 DX 5663।
নিহতসকলক নগাঁও ননৈৰ ৰিবুল আলী (১৮), মণিমাই বেগম(৪০) আৰু আমিৰ উদ্দিন (৪০)। আহত সকল- পুতুমাই বেগম(৫৫), কণমানি আনিচু চুলতানা(১০) আৰু ৰুস্তম আলী (৫০)।
দুৰ্ঘটনাৰ ফলত বাহনখনত থকা তিনিজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়। আহত আন তিনিগৰাকী যাত্ৰীক ৰাইজ আৰু স্থানীয় আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
প্ৰাথমিকভাৱে তীব্ৰ বেগৰ বাবেই চালকে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই সুৰক্ষা ৰেলিঙত খুন্দা মৰা বুলি সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।