বঙাইগাঁও: বঙাইগাঁও জিলাত আজি একাধিক বৃহৎ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় ৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা সংহত জিলা আয়ুক্ত কাৰ্যালয়, ৬১১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বঙাইগাঁও মেডিকেল কলেজ আৰু ৩০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আদৰ্শ আৱাসিক বিদ্যালয় ইয়াৰ অন্যতম।
ইয়াৰ উপৰি ১১ কোটি টকা ব্যয়েৰে তুলুঙীয়াস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি, ৬ কোটি টকা ব্যয়েৰে সৃজনগ্ৰামৰ শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ আন্তঃগাঁথনি, বিৰঝৰা চাহ বাগিচাত ৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বিদ্যালয় আৰু বঙাইগাঁও বিসৰ্জন ঘাটত ৩৪ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তিও উদ্বোধন কৰা হয়।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে দহ বছৰ পূৰ্বে বঙাইগাঁৱত মেডিকেল কলেজৰ কথা চিন্তা কৰাটোও কঠিন আছিল। এসময়ত অসমত মাত্ৰ ৩খন মেডিকেল কলেজ আৰু প্ৰায় ৩৫০খন মেডিকেল আসন আছিল যদিও বৰ্তমান ৰাজ্যত ১৫খন মেডিকেল কলেজ আৰু প্ৰায় ২,০০০খন মেডিকেল আসন হৈছে।
বজালী, হাইলাকান্দি, হোজাই, গোৱালপাৰা আৰু মাজুলীত মেডিকেল কলেজ স্থাপনৰ বাবে চৰকাৰে নীতিগত সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে আন ৯খন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম চলি থকা বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
প্ৰতিখন জিলাতে মেডিকেল কলেজ, বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ লক্ষ্যৰ কথাও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। বঙাইগাঁৱত বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে ১০০ কোটি টকা প্ৰদান কৰা হৈছে। আনহাতে, ‘বসুন্ধৰা ৪’ এই বছৰৰ শেষভাগত আনিবলৈ চৰকাৰে প্ৰস্তুতি চলাইছে আৰু ইয়াৰ গাইডলাইন প্ৰস্তুত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
এই বৃহৎ প্ৰকল্পসমূহে বঙাইগাঁৱৰ শিক্ষা, স্বাস্থ্য, প্ৰশাসন আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।