নতুন দিল্লী, ১৭ অক্টোবৰঃ বিজেপিৰ পিতামহ তথা দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীক শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত ৯৮ বছৰীয়া নেতাগৰাকীক দিল্লীৰ যশোলা বিহাৰস্থিত হাস্পতালখনলৈ নিয়া হয়।
হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি, বৰ্তমান আদৱানীৰ চিকিৎসা চলি আছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত শীঘ্ৰেই আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হ’ব বুলিও হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিছে।
উল্লেখ্য যে, লালকৃষ্ণ আদৱানী ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম জ্যেষ্ঠ নেতা। তেওঁ একাধিকবাৰ দলটোৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব পালন কৰাৰ লগতে ২০০২ চনৰ পৰা ২০০৪ চনলৈ ভাৰতৰ উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
দেশৰ ৰাজনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আদৱানীয়ে বিজেপিক এক বৃহৎ ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
