গুৱাহাটী, ১৭ অক্টোবৰঃ অসম বিধানসভাৰ পৰা বড়ো ভাষা আঁতৰাই দিয়াক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে স্পষ্টীকৰণ প্ৰকাশ কৰিছে বিধানসভা কৰ্তৃপক্ষই। বড়ো ভাষা বিধানসভাৰ পৰা আঁতৰোৱাৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি স্পষ্ট কৰি দিছে কৰ্তৃপক্ষই।
একাংশ সংবাদ মাধ্যমত বড়ো ভাষা বিধানসভাৰ পৰা আঁতৰোৱাৰ সন্দৰ্ভত প্ৰকাশিত বাতৰিক ভুৱা বুলি আখ্যা দিছে বিধানসভা কৰ্তৃপক্ষই। বিধানসভাৰ সচিব ৰাজীৱ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে, বিধানসভা ভৱনৰ সন্মুখৰ অংশ মেৰামতি কৰাৰ কাম চলি থকাৰ বাবেই এই বিষয়টোক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে।
বিধানসভা ভৱনৰ সন্মুখ ভাগৰ মেৰামতিৰ কামক বড়ো ভাষা আঁতৰোৱাৰ সিদ্ধান্ত বুলি ভুলকৈ ব্যাখ্যা কৰা হৈছে বুলি স্পষ্টীকৰণত প্ৰকাশ পাইছে। লগতে, পূৰ্বৰ দৰেই বিধানসভাত বড়ো ভাষা থাকিব বুলিও কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে।
বড়ো ভাষাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বিধানসভা কৰ্তৃপক্ষৰ এই স্পষ্টীকৰণে বিষয়টোক লৈ চলি থকা বিভ্ৰান্তি দূৰ কৰাৰ চেষ্টা কৰিছে।
