Assam| National Short Film Festival:কাইলৈৰ পৰা চলচ্চিত্ৰম্ ৰ ৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱ

National Short Film Festiva

গুৱাহাটী ,২২ অক্টোবৰ:বিশ্ব সংবাদ কেন্দ্ৰৰ অন্যতম সহযোগী সংস্থা চলচ্চিত্ৰম্ ৰ দশম ৰাষ্ট্ৰীয় চলচ্চিত্ৰম চুটি ছবি মহোৎসৱ (Chalachitram National Film Festival) অহা ২৪ আৰু ২৫ অক্টোবৰলৈ গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবন চলচ্চিত্ৰ চৌহদত অনুষ্ঠিত হ’ব। এই মহোৎসৱত প্ৰতিযোগিতামূলক আৰু কেৱল প্ৰদৰ্শন শাখাত ৪৫ খন চুটি চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব বুলি চলচ্চিত্ৰমৰ সভাপতি নৱ ঠাকুৰীয়া আৰু সম্পাদক ভগৱত প্ৰীতমে জানিবলৈ দিছে। উল্লেখ্য, পূব ভাৰতৰ চলচ্চিত্ৰপ্ৰেমী, সমালোচক তথা নিৰ্মাতা-পৰিচালক সকলৰ বাবে এই মহোৎসৱে এক অনন্য সুযোগ কঢ়িয়াই আনিব।

ভাৰতীয় জাতীয়তাবাদৰ চেতনাৰে উদ্বুদ্ধ আৰু ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ বছৰ পুৰণি সভ্যতা, সংস্কৃতি তথা ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা চলচ্চিত্ৰসমূহ এই মহোৎসৱৰ অন্যতম আকৰ্ষণ হ’ব। বিশ্ব সংবাদ কেন্দ্ৰ , অসমৰ সহযোগী সংস্থা চলচ্চিত্ৰমৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ মূল বিষয়বস্তু হৈছে ‘আমাৰ ঐতিহ্য, আমাৰ গৌৰৱ’ (Our Heritage, Our Pride)।

অহা ২৪ অক্টোবৰৰ পুৱা ১১ বজাত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক চলচ্চিত্ৰ পৰিচালক ডাঃ সন্ত্বনা বৰদলৈয়ে মহোৎসৱটিৰ শুভ উদ্বোধন কৰিব । ইতিমধ্যে শিল্পী, চলচ্চিত্ৰ সমালোচক আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলক লৈ গঠিত বিচাৰক মণ্ডলীয়ে আঠটা শাখাত বিজয়ী চলচ্চিত্ৰসমূহ নিৰ্বাচন কৰিছে। মহোৎসৱত বিশিষ্ট চলচ্চিত্ৰ ব্যক্তিত্ব আৰু চলচ্চিত্ৰপ্ৰেমীসকলৰ উপস্থিতিত বিজয়ীসকলক ট্ৰফী, প্ৰমাণ-পত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব।

অহা ২৫ অক্টোবৰৰ বিয়লি অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেবিনেট মন্ত্ৰী নীলিমা দেৱীয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটোত আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকিব। ইয়াৰ উপৰি, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে মহোৎসৱত চলচ্চিত্ৰ ব্যক্তিত্ব ববিতা শৰ্মাৰ পৰিচালনাত নিৰ্মিত ‘ভূপেন দা আনকাট’ (Bhupen da Uncut) নামৰ চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হ’ব। আনহাতে , জ্যেষ্ঠ চলচ্চিত্ৰ সাংবাদিক হেমচন্দ্ৰ দলেৰ সম্পাদনাত প্ৰকাশিত হ’বলগীয়া স্মৃতিগ্ৰন্থ (চলচ্চিত্ৰম) নামৰ স্মৰণিকা উন্মোচন কৰা হ’ব ।

You might also like
Leave A Reply

Your email address will not be published.