গুৱাহাটী: কুকুৰে কামোৰা গৰুৰ মৃত্যুত গাঁৱত হাহাকাৰ, ৪৫০ জনে ল’লে এণ্টি-ৰেবিছ ভেকচিন। উত্তৰ প্ৰদেশৰ এখন গাঁৱত কুকুৰে কামোৰাৰ পিছত এজনী গাইৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হ’ল আজৱ পৰিস্থিতি। গাইজনীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে প্ৰায় ৪৫০ গৰাকী লোকে এণ্টি-ৰেবিছ ভেকচিন ল’বলৈ চলায় হেতাওপৰা।
গাইজনীৰ মৃত্যুৰ খবৰ শুনি গাঁৱৰ মানুহৰ অৱস্থা এনে হ’ল যে, কোনে কাক সুধিছে আৰু কোনে ক’ত ভেকচিন ল’বলৈ গৈছে, সেয়া বুজিবলৈকে যেন সুকীয়া তদন্তৰ প্ৰয়োজন।
কোনোবাই হয়তো ভাবিলে, “সাৱধানীৰ মৰণ নাই”। আন কোনোবাই আকৌ হয়তো মনতে ক’লে, “গৰুটোৰ যদি এনে অৱস্থা হ’ল, আমিনো ৰৈ থাকোঁ কিয়?”
উত্তৰ প্ৰদেশৰ গোড়খপুৰৰ এখন গাঁৱত কিছুদিন পূৰ্বে বাটৰ কুকুৰে কামোৰিছিল। পিছে গৃহস্থয়ো বিষয়টো সিমান গুৰুত্ব দিয়া নাছিল আৰু গাইজনীৰ গাখীৰেৰে ইটো-সিটো বস্তু তৈয়াৰ কৰিছিল। ইয়াৰ মাজতে এক ধৰ্মীয় অনুষ্ঠানৰ বাবে কুকুৰে কামোৰা গাইজনীৰ গাখীৰেৰে প্ৰস্তুত কৰে প্ৰসাদ। ধৰ্মীয় অনুষ্ঠান উলহ-মালহেৰে গুচি গ’ল। পিছে গাখীৰ দিয়া গাইজনী ঢুকাই থাকিল।
কুকুৰে কামোৰা গাইৰ মৃত্যু হোৱাৰ বাতৰি মুহূৰ্ততে গাঁওখনত বনজুইৰ দৰে বিয়পি পৰে আৰু গঞা ৰাইজৰ হাহাকাৰ লাগে। কুকুৰে কামোৰা গাই যদি মৰিল তেন্তে সেইজনী গাইৰ গাখীৰেৰে প্ৰস্তুত কৰা প্ৰসাদ খালে সংক্ৰমণ হ’ব পাৰে ৰেবিছ বেক্টেৰিয়াৰ। তাকে ভাবি হাহাকাৰ লগা ৰাইজে এতিয়া লাইন পাতিছে এণ্টি-ৰেবিছ ভেকচিন ল’বলৈ।
