আজি ১ মে’

➡️আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস তথা মে’ দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৭৩ চনৰ এই দিনটোতে খ্ৰীষ্টান মিছনেৰী আৰু অভিযাত্ৰী ডেভিড লিভিংষ্টোনৰ মৃত্যু হৈছিল।
➡️১৮৯৭ চনৰ ১ মে’ তাৰিখে স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। ১৮৬০ চনৰ সমিতি পঞ্জীয়ন আইন অনুসৰি ১৯০৯ চনৰ ৪ মে’ত এই অনুষ্ঠান পঞ্জীভুক্ত হয়।
➡️১৯০৮ চনৰ এই দিনটোতে বিপ্লৱী ক্ষুদিৰাম বসুৰ সহযোগী প্ৰফুল্ল চাকিৰ আত্মহত্যা।
➡️১৯২৩ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথম মে’ দিৱস পালন কৰা হৈছিল।
➡️১৯২৬ চনৰ ১ মে’ তাৰিখে ১২৫ জন লোকৰ প্ৰাণ লোৱা ৰুদ্ৰপ্ৰয়াগৰ নৰখাদক ঢেঁকীয়াপতীয়া বাঘটোৰ জিম কৰবেটৰ হাতত মৃত্যু হৈছিল।
➡️১৯৬০ চনৰ এই দিনটোতে মুম্বাই পুনৰ্গঠন আইন অনুসৰি মুম্বাই ৰাজ্য দ্বিখণ্ডিত হৈ নতুন ৰাজ্য গুজৰাট আৰু মহাৰাষ্ট্ৰৰ গঠন হৈছিল।
➡️১৯৯৩ চনৰ ১ মে’ তাৰিখে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি প্ৰেমা দাসাৰ মৃত্যু হৈছিল।
➡️২০০৩ চনৰ আজিৰ দিনটোতে তুৰস্কত বিধ্বংসী ভূমিকম্পত ডেৰ শতাধিক লোক নিহত হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.