আজি ৫ মে’

➡️আজি নেদাৰলেণ্ডছৰ স্বাধীনতা দিৱস।
➡️১৮১৮ চনৰ আজিৰ দিনটোতে জাৰ্মান অৰ্থনীতিবিদ, দাৰ্শনিক আৰু সমাজবাদী আন্দোলনৰ অন্যতম হোতা কাৰ্ল মাৰ্ক্সৰ জন্ম হৈছিল।
➡️১৮২১ চনৰ এই দিনটোতে আটলাণ্টিক মহাসাগৰৰ ক্ষুদ্ৰ দ্বীপ ছেণ্ট হেলেনাত নিৰ্বাসিত অৱস্থাত নেপোলিয়ন বোনাপাৰ্টৰ মৃত্যু হৈছিল।
➡️১৮৪৬ চনৰ ৫ মে’ তাৰিখে পোলেণ্ডৰ নোবেল জয়ী ঔপন্যাসিক আৰু গল্পকাৰ হেনৰিক ছিনকিৱিজৰ জন্ম হৈছিল। ১৯০৫ চনত ছিনকিৱিজে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৮৯৫ চনৰ আজিৰ দিনটোতে সমাজসেৱক আৰু সাহিত্যিক অমিয় কুমাৰ দাসৰ জন্ম হৈছিল।
➡️১৯১২ চনৰ এই দিনটোতে ষ্টকহোমত পঞ্চম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। এই সমাৰোহ ২২ জুলাইলৈকে চলে।
➡️১৯১৬ চনৰ ৫ মে’ তাৰিখে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইল সিঙৰ জন্ম হৈছিল। জাইল সিঙে ১৯৮২ চনৰ ২৫ জুলাইৰ পৰা ১৯৮৭ চনৰ ২৫ জুলাইলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️১৯২১ চনৰ আজিৰ দিনটোতে বিশ্বৰ ক্ষুদ্ৰতম সংবাদ-পত্ৰ ‘ব্ৰাইটন গেজেট’ৰ প্ৰথম প্ৰকাশ। সংবাদ-পত্ৰখনৰ আকাৰ আছিল ১০x১৩ চেণ্টিমিটাৰ।
➡️১৯৪৪ চনৰ এই দিনটোতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ময়িদুল ইছলাম বৰাৰ মৃত্যু হৈছিল।
➡️১৯৫৫ চনৰ ৫ মে’ তাৰিখে সংসদত হিন্দু বিবাহ-বিচ্ছেদ বিধেয়ক গৃহীত হৈছিল।
➡️২০০৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সংগীত-শিল্পী নৌছাদৰ মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.