আজি ৭ মে’

➡️১৮১২ চনৰ আজিৰ দিনটোতে ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ জন্ম হৈছিল।
➡️১৮৩২ চনৰ এই দিনটোতে গ্ৰীচ স্বাধীন সাম্ৰাজ্যত পৰিণত হৈছিল।
➡️১৮৪৯ চনৰ ৭ মে’ তাৰিখে কলকাতাত জন বেথুন, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আদিৰ উদ্যোগত ‘নেটিভ ফিমেল স্কুল’ প্ৰতিষ্ঠা হৈছিল। পিছলৈ এইখন স্কুলৰে নাম হয়গৈ বেথুন স্কুল।
➡️১৮৬১ চনৰ আজিৰ দিনটোতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল।
➡️১৮৬৮ চনৰ এই দিনটোতে পোলেণ্ডৰ নোবেল জয়ী সাহিত্যিক ব্লাদিশ্লাভ ষ্টেনিশ্লাভ ৰেমণ্টৰ জন্ম হৈছিল। ‘দা পীজেণ্ট’ নামৰ উপন্যাসখনৰ বাবে ৰেমণ্টে ১৯২৪ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
➡️১৮৯২ চনৰ ৭ মে’ তাৰিখে যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি মাৰ্শ্বেল টিটোৰ জন্ম হৈছিল।
➡️১৯০৭ চনৰ আজিৰ দিনটোতে মুম্বাইত প্ৰথম ইলেক্ট্ৰিক ট্ৰামৰ চলাচল আৰম্ভ হৈছিল। ১৯৬৪ চনৰ ৩১ মাৰ্চত এই সেৱা বন্ধ হয়।
➡️১৯৩৪ চনৰ এই দিনটোতে ফিলিপাইনছত বিশ্বৰ সৰ্ববৃহৎ মুকুতা উদ্ধাৰ হৈছিল। এই মুকুতাটোৰ ওজন আছিল ৬.৪ কিলোগ্ৰাম।
➡️২০০৫ চনৰ ৭ মে’ তাৰিখে অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভস্মীভূত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.