আজি ৯ মে’

➡️আজিৰ দিনটো চেক প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️এই দিনটো বিশ্ব থেলাছমিয়া দিৱস হিচাপে পালন কৰা হয়।
➡️১৫৪০ চনৰ ৯ মে’ তাৰিখে ৰাজপুত বীৰ, মেৱাৰৰ ৰজা ৰাণা প্ৰতাপ সিংহৰ জন্ম হৈছিল।
➡️১৮০০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ দাস বিদ্ৰোহৰ অন্যতম নেতা জন ব্ৰাউনৰ জন্ম হৈছিল।
➡️১৮৫০ চনৰ এই দিনটোতে ফৰাচী বিজ্ঞানী গে-লুছাকৰ (সম্পূৰ্ণ নাম যোছেফ লুই গে-লুছাক) মৃত্যু হৈছিল। ৰাসায়নিক মিলনৰ ফলত বিভিন্ন গেছীয় সংমিশ্ৰণৰ আয়তনৰ পৰিৱৰ্তন বিষয়ক এটা বিশেষ সূত্ৰৰ আৱিষ্কাৰক ৰূপে লুছাক বিখ্যাত।
➡️১৮৬৬ চনৰ ৯ মে’ তাৰিখে স্বাধীনতা সংগ্ৰামী গোপাল কৃষ্ণ গোখলেৰ জন্ম হৈছিল।
➡️১৮৭৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ মুম্বাইত পোন প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামগাড়ীৰ প্ৰচলন আৰম্ভ।
➡️১৯২৬ চনৰ আজিৰ দিনটোতে মাৰ্কিন অভিযাত্ৰী ৰিচাৰ্ড ই বেয়াৰ্ডৰ বায়ুপথেৰে উত্তৰ মেৰুলৈ সফল অভিযান। এয়াই আছিল উত্তৰ মেৰুৰ…

 

You might also like
Leave A Reply

Your email address will not be published.