আজি ১৩ মে

➡️আজিৰ দিনটো ৰাষ্ট্ৰীয় সংহতি দিৱস হিচাপে পালন কৰা হয়।
➡️১৬৪৮ চনৰ এই দিনটোতে দিল্লীত লালকিল্লা নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল। ১৬৩৯ চনৰ ২৯ এপ্ৰিলত ইয়াৰ নিৰ্মাণ আৰম্ভ কৰা হৈছিল।
➡️১৮৫০ চনৰ ১৩ মে’ তাৰিখে আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল।
➡️১৯০৫ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথম অসমীয়া ফখৰুদ্দিন আলী আহমেদৰ জন্ম হৈছিল।
➡️১৯৬২ চনৰ এই দিনটোতে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ৰূপে সৰ্বপল্লী ৰাধাকৃষ্ণণৰ কাৰ্যভাৰ গ্ৰহণ। ১৯৬৭ চনৰ ১৩ মে’লৈকে তেওঁ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৬৭ চনৰ ১৩ মে’ তাৰিখে ভাৰতৰ তৃতীয়গৰাকী ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ শপত গ্ৰহণ।
➡️১৯৯৬ চনৰ আজিৰ দিনটোতে তামিলনাডুৰ মুখ্যমন্ত্ৰী ৰূপে এম কৰুণানিধিৰ শপত গ্ৰহণ।
➡️১৯৯৮ চনৰ এই দিনটোতে ৰাজস্থানৰ পোখৰানত ভাৰতৰ পৰীক্ষামুলক পাৰমাণৱিক বোমা বিস্ফোৰণ ঘটোৱা হৈছিল।
➡️২০০০ চনৰ ১৩ মে’ তাৰিখে ভাৰতৰ লাৰা দত্তৰ ‘মিছ ইউনিভাৰ্ছ’ খিতাপ অৰ্জন।
➡️২০০১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ঔপন্যাসিক আৰ কে নাৰায়ণৰ (সম্পূৰ্ণ নাম ৰছিপুৰম কৃষ্ণস্বামী নাৰায়ণস্বামী) মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.