আজি ১৪ মে’

➡️আজিৰ দিনটো ইজৰাইলৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️এই দিনটো পাৰাগুৱেৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️১৬৮৬ চনৰ ১৪ মে’ তাৰিখে জাৰ্মান পদাৰ্থ-বিজ্ঞানী গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইটৰ জন্ম হৈছিল। ফাৰেনহাইটে উষ্ণতাৰ মাত্ৰা নিৰ্ধাৰণৰ এক নতুন এককৰ উদ্ধাৱন কৰে। তেওঁৰ নামানুসৰি উষ্ণতাৰ এই এককৰ নাম ‘ফাৰেনহাইট স্কেল’ ৰখা হয়।
➡️১৯৪৮ চনৰ ১৪ মে’ তাৰিখে নতুন ইজৰাইল ৰাষ্ট্ৰ গঠন হৈছিল।
➡️১৯৬০ চনৰ আজিৰ দিনটোতে এয়াৰ ইণ্ডিয়াৰ বিমান প্ৰথম আটলাণ্টিক মহাসাগৰ পাৰ হৈ নিউয়ৰ্কত উপস্থিত হৈছিল।
➡️১৯৯২ চনৰ এই দিনটোতে ভাৰতত এল টি টি ই নিষিদ্ধ কৰা হৈছিল।
➡️১৯৯৯ চনৰ ১৪ মে’ তাৰিখে ইংলেণ্ডৰ লৰ্ডছত শতিকাৰ অন্তিম বিশ্বকাপ ক্ৰিকেট আৰম্ভ হৈছিল।
➡️২০০১ চনৰ আজিৰ দিনটোতে তামিলনাডুৰ মুখ্যমন্ত্ৰী ৰূপে জয়াললিতাৰ কাৰ্যভাৰ গ্ৰহণ।
➡️২০০২ চনৰ এই দিনটোতে সন্ত্ৰাসবাদীৰ আক্ৰমণত জম্মুত ৩৫ লোকৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.