আজি ১৭ মে’

➡️আজিৰ দিনটো আন্তৰ্জাতিক সমাজ দিৱস হিচাপে পালন কৰা হয়।
➡️এই দিনটো বিশ্ব দূৰসংযোগ দিৱস হিচাপে পালন কৰা হয়।
➡️১৪৯৮ চনৰ আজিৰ দিনটোতে উত্তমাশা অন্তৰীপেদি পৰ্তুগীজ নাৱিক ভাস্কো ডা গামাৰ ভাৰতত প্ৰৱেশ। ১৪৯৭ চনৰ ১ জুলাইত তেওঁ চাৰিখন জাহাজ আৰু ১৭০ জন সহযাত্ৰীৰে লিছবনৰ পৰা যাত্ৰা কৰিছিল।
➡️১৫৪০ চনৰ ১৭ মে’ তাৰিখে কনৌজৰ যুদ্ধত শ্বেৰ শ্বাহৰ হাতত হুমায়ুন পৰাজিত হৈছিল।
➡️১৭৪৯ চনৰ এই দিনটোতে ইংৰাজ চিকিৎসক,বসন্ত ৰোগৰ প্ৰতিষেধক ছিটাৰ আৱিষ্কাৰক এডোৱাৰ্ড জেনাৰৰ জন্ম হৈছিল।
➡️১৮১৪ চনৰ আজিৰ দিনটোতে নৰৱেৰ স্বাধীনতা ঘোষণা কৰা হৈছিল।
➡️১৮৯৬ চনৰ ১৭ মে’ তাৰিখে ‘হেমকোষ’ৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু হৈছিল।
➡️১৯০০ চনৰ এই দিনটোতে ইৰানৰ ধৰ্মগুৰু আয়াতুল্লা খোমেইনীৰ জন্ম হৈছিল।
➡️১৯৯৬ চনৰ আজিৰ দিনটোতে আততায়ীৰ গুলীত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু হৈছিল।
➡️১৯৯৯ চনৰ ১৭ মে’ তাৰিখে ভাৰতীয় বংশোদ্ধৱ মহেন্দ্ৰ চৌধুৰী ফিজিৰ প্ৰধানমন্ত্ৰী হৈছিল।
➡️২০০১ চনৰ এই দিনটোতে এ কে এণ্টনী কেৰালাৰ মুখ্যমন্ত্ৰী হৈছিল।
➡️২০০৭ চনৰ আজিৰ দিনটোতে প্ৰধান মন্ত্ৰী মনমোহন সিং বিনা প্ৰতিদ্বন্দ্বিতাৰে অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰূপে নিৰ্বাচিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.