আজি ১৮ মে’

➡️১৮৭২ চনৰ আজিৰ দিনটোতে ইংৰাজ দাৰ্শনিক, সাহিত্যিক বাৰ্ট্ৰাণ্ড ৰাছেলৰ জন্ম হৈছিল। ৰাছেলে ১৯৫০ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯১২ চনৰ এই দিনটোতে আৰ জি ট্ৰনিৰ চুটি কাহিনীচিত্ৰ ‘পুণ্ডলিক’ মুম্বাইত মুক্তি লাভ কৰিছিল।
➡️১৯৩৩ চনৰ ১৮ মে’ তাৰিখে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ জন্ম হৈছিল। তেওঁ ১৯৯৬ চনৰ ১ জুনৰ পৰা ১৯৯৭ চনৰ ২১ এপ্ৰিললৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৪৫ চনৰ আজিৰ দিনটোতে চৰকাৰীভাৱে ইউৰোপ ভূখণ্ডত দ্বিতীয় মহাসমৰৰ সামৰণি।
➡️১৯৯৩ চনৰ এই দিনটোতে বায়ুদূতক ইণ্ডিয়ান এয়াৰলাইনছৰ লগত যুক্ত কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্ত।
➡️১৯৯৯ চনৰ ১৮ মে’ তাৰিখে ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ পিতৃ মাৰাঠী কবি আৰু অধ্যাপক ৰমেশ তেণ্ডুলকাৰৰ ৬৬ বছৰ বয়সত মৃত্যু হৈছিল।
➡️২০০২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ এল শাকধেৰৰ মৃত্যু হৈছিল। তেওঁ ১৯৭৭ চনৰ পৰা ১৯৮২ চনলৈকে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.