আজি ১৯ মে’

➡️১৫৩৫ চনৰ আজিৰ দিনটোতে ব্যভিচাৰৰ অভিযোগত অভিযুক্ত ইংলেণ্ডৰ ৰজা অষ্টম হেনৰীৰ পত্নী কেথৰিনৰ শিৰচ্ছেদ কৰা হৈছিল।
➡️১৮৯০ চনৰ এই দিনটোতে ভিয়েটনাম কমিউনিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাতা তথা উত্তৰ ভিয়েটনামৰ প্ৰথম ৰাষ্ট্ৰপতি হো-চি-মিনৰ জন্ম হৈছিল। ১৯৪৫ চনৰ পৰা ১৯৬৯ চনলৈ তেওঁ উত্তৰ ভিয়েটনামৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯০৪ চনৰ ১৯ মে’ তাৰিখে টাটা আইৰন এণ্ড ষ্টীল কোম্পানীৰ (টিছকো) প্ৰতিষ্ঠাতা জামছেদজী এন টাটাৰ মৃত্যু হৈছিল।
➡️১৯১৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ জন্ম হৈছিল।
➡️১৯৯৫ চনৰ ১৯ মে’ তাৰিখে কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদৰ পৰা নাৰায়ণ দত্ত তিৱাৰীক ছবছৰৰ বাবে বহিস্কাৰ কৰা হৈছিল।
➡️২০০৬ চনৰ আজিৰ দিনটোতে তৰুণ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.