আজি ২০ মে’

➡️আজি কেমেৰুনৰ স্বাধীনতা দিৱস।
➡️১৩৭৮ চনৰ আজিৰ দিনটোতে বাহমনি ৰাজ্যৰ চুলতান ডাউদ শ্বাহৰ মৃত্যু হৈছিল।
➡️১৪৭১ চনৰ এই দিনটোতে ইংলেণ্ডৰ ৰজা ষষ্ঠ হেনৰীৰ মৃত্যু হৈছিল।
➡️১৫০৮ চনৰ ২০ মে’ তাৰিখে নাৱিক আৰু ভৌগোলিক আৱিষ্কাৰক খ্ৰীষ্টফাৰ কলম্বাছৰ স্পেইনত মৃত্যু হৈছিল ।
➡️১৭৯৯ চনৰ আজিৰ দিনটোতে ফৰাচী ঔপন্যাসিক বালজাকৰ ফ্ৰান্সৰ টুইছত জন্ম হৈছিল ।
➡️১৮০৬ চনৰ এই দিনটোতে ইংৰাজ দাৰ্শনিক আৰু অৰ্থনীতিবিদ জন ষ্টুৱাৰ্ট মিলৰ লণ্ডনত জন্ম হৈছিল।
➡️১৮৬৭ চনৰ ২০ মে’ তাৰিখে লণ্ডনৰ প্ৰসিদ্ধ ৰয়েল এলবাৰ্ট হলৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
➡️১৯৪০ চনৰ আজিৰ দিনটোতে ছুইডেনৰ নোবেল জয়ী প্ৰসিদ্ধ সাহিত্যিক কাৰ্ল গুস্তাফ ভাৰ্নাৰ ডন হেইডেনষ্টামৰ মৃত্যু হৈছিল। তেওঁ ১৯১৬ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️২০০২ চনৰ এই দিনটোতে পূব টিমোৰে স্বাধীনতা লাভ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.