পৰীক্ষা হ’ব ,কেনেকৈ হ’ব সবিশেষ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে SEBA আৰু AHSECৰ বিপৰীতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত। দুয়োটা পৰীক্ষাতে সহযোগ কৰিব শিক্ষা আৰু স্বাস্থ্য বিভাগে। ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিতকৰনৰ প্ৰস্তুতি আৰম্ভ হৈছে।

হাইস্কুল শিক্ষান্ত তথা মেট্ৰিকৰ ক্ষেত্ৰত চাৰি দিনত চাৰিটা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। প্ৰতিটো বিষয়তে ২৫ নম্বৰকৈ প্ৰশ্নৰ বাবে ছাত্ৰ-ছাত্ৰীক দিয়া হ’ব ৭৫ মিনিটকৈ সময়। এদিনত দুই বেলাই অনুষ্ঠিত হ’ব লগা পৰীক্ষাত ছাত্ৰ আৰু ছাত্ৰীৰ বাবে প্ৰশ্নকাকত আৰু পৰীক্ষাৰ সময় পৃথক হ’ব। মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’ব ইংৰাজী,গণিত,বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত। MIL আৰু ঐচ্ছিক বিষয়ত পৰীক্ষা অনুষ্ঠিত নহয়।

একে পদ্ধতিৰেই অনুষ্ঠিত হ’ব লগা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জৈৱ বিজ্ঞান আৰু গণিতৰ পৰীক্ষাহে অনুষ্ঠিত হ’ব। ছাত্ৰ-ছাত্ৰীয়ে ভবিষ্যতে অভিযান্ত্ৰিক পাঠ্যক্ৰম গ্ৰহণ কৰিব খুজিলে গণিত আৰু চিকিৎসক হোৱাৰ লক্ষ্য ল’লে জৈৱ বিজ্ঞানৰ পৰীক্ষা দিয়াটো বাঞ্চনীয়।

উল্লেখযোগ্য যে এইবেলি পোনপ্ৰথমবাৰৰ বাবে দুয়োটা পৰীক্ষাতে ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথককৈ ছপোৱা হ’ব প্ৰশ্নকাকত। ।

You might also like
Leave A Reply

Your email address will not be published.