নিউজ ডেস্ক,এন ই ভাৰত
ক’ভিডৰ কঠিন সময়ত পুৰনি মুদ্ৰা আৰু নোটৰ চাহিদা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। পুৰণি মুদ্ৰা আৰু নোট সমুহ বিক্ৰী কৰি সহজে ধন ঘটাৰ সপোন দেখিছে বহুজনে। জানিবলৈ পোৱা মতে পুৰণি ৫ টকীয়া বিক্ৰী কৰি ৩০ হাজাৰ, ৫০০ টকাৰ নোট বিক্ৰী কৰি ১০ হাজাৰ আৰু পুৰণি ১ টকীয়া মুদ্ৰা বিক্ৰী কৰি ৫০ লাখ টকা পোৱাৰ সুযোগ ওলাইছে। পুৰণি এই পইচা সমূহৰ সন্দৰ্ভত ইতিমধ্যে বহু পৰ্টেল তথা ছচিয়েল মেডিয়াত বহু প্ৰচাৰ চলা দেখা গৈছে। পুৰণি পইচা সংগ্ৰহ কৰা এচাম লোকৰ বাবে এয়া যেন এক সোণালী সুযোগ। পুৰণি পইচাৰ চৰ্চা অব্যাহত থকাৰ সময়তে কুইকাৰত এখন পুৰণি ২টকীয়া নোটৰ দাম ২ লাখ টকা হোৱাৰ আশ্চৰ্যজনক খবৰে এতিয়া স্তম্ভিত কৰিছে সকলোকে।১৯৯৪ চনৰ এটা ২টকীয়া মুদ্ৰাৰ মূল্য হৈছে প্ৰায় ৫ লাখ টকা যদিহে এই মুদ্ৰাত দেশৰ জাতীয় পতাকাৰ প্ৰতীক থাকে।।