➡️আজিৰ দিনটো বিশ্ব ধূমপানবিৰোধী দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৯৩ চনৰ এই দিনটোতে চিকাগোত অনুষ্ঠিত বিশ্ব ধৰ্ম সন্মিলনত যোগদানৰ অৰ্থে স্বামী বিবেকানন্দৰ আমেৰিকা যাত্ৰা।
➡️১৯১৬ চনৰ ৩১ মে’ তাৰিখে জুটলেণ্ডৰ যুদ্ধ আৰম্ভ হৈছিল। প্ৰথম মহাসমৰৰ মাজতে ব্ৰিটিছ আৰু জাৰ্মানৰ মাজত এক চমু অথচ ভয়ংকৰ নৌ যুদ্ধ সংঘটিত হয়।
➡️১৯৬২ চনৰ আজিৰ দিনটোতে জাৰ্মানীত লাখ লাখ ইহুদি হত্যাৰ অন্যতম পৰামৰ্শদাতা, জাৰ্মান সন্ত্ৰাসবাদী সমিতিৰ সক্ৰিয় নেতা আডলফ আইকমেনক ইজৰাইলৰ তেল অভিভত ফাঁচি। ইয়াৰ আগতে তেওঁক আন্তঃৰাষ্ট্ৰীয় আদালতে যুদ্ধ অপৰাধী ৰূপে ৰায় দিছিল।
➡️১৯৭৭ চনৰ এই দিনটোতে ভাৰতীয় সেনাৰ মেজৰ প্ৰেমচান্দ আৰু নায়ক নিমা দৰ্জী শ্বেৰ্পাৰ কাঞ্চনজংঘা শৃংগত আৰোহণ। ভাৰতীয় সেনাৰ এয়াই আছিল প্ৰথম কাঞ্চনজংঘা বিজয়।
➡️১৯৯০ চনৰ ৩১ মে’ তাৰিখে পাৰমাণৱিক অস্ত্ৰ সীমিতকৰণ চুক্তিৰ উদ্দেশ্যে ৱাশ্বিংটনত তেতিয়াৰ মাৰ্কি…