আজি ১ জুন

➡️আজিৰ দিনটো ছামোৱাৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️এই দিনটো পশ্চিম ছাহাৰাৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৯২৬ চনৰ ১ জুন তাৰিখে হলীউডৰ প্ৰখ্যাত চিত্ৰাভিনেত্ৰী মেৰিলীন মনৰোৰ জন্ম হৈছিল।
➡️১৯৩৬ চনৰ আজিৰ দিনটোতে শিল্পী নীলপৱন বৰুৱাৰ জন্ম হৈছিল।
➡️১৯৪০ চনৰ এই দিনটোতে গল্পকাৰ-ঔপন্যাসিক লুম্বেৰ দাইৰ জন্ম হৈছিল।
➡️১৯৫৫ চনৰ ১ জুন তাৰিখে ভাৰতত অস্পৃশ্যতা নিৰোধক আইন প্ৰৱৰ্তন কৰা হৈছিল।
➡️১৯৬৮ চনৰ আজিৰ দিনটোতে অন্ধ-বধিৰ মাৰ্কিন লেখিকা হেলন এডামছ কেলাৰৰ মৃত্যু হৈছিল। প্ৰতিবন্ধীসকলৰ শিক্ষাদানৰ বাবে তেওঁ লোৱা উদ্যোগ উল্লেখযোগ্য।
➡️১৯৭২ চনৰ এই দিনটোতে যোৰহাটৰ পৰা অসমীয়া দৈনিক সংবাদ-পত্ৰ ‘দৈনিক জনমভূমি’ প্ৰকাশ পাইছিল।
➡️১৯৯৬ চনৰ ১ জুন তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে এইচ ডি দেৱেগৌড়াই কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ১৯৯৭ চনৰ ২১ এপ্ৰিললৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।
➡️২০০২ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক হান্সি ক্ৰ’নিয়েৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।
➡️২০০৩ চনৰ এই দিনটোতে জেনেভাত গ্ৰুপ-৮ শীৰ্ষ সন্মিলন আৰম্ভ হৈছিল।
➡️২০০৪ চনৰ ১ জুন তাৰিখে ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.