আজি ২ জুন

➡️আজিৰ দিনটো ইটালীৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৪০ চনৰ এই দিনটোতে ইংৰাজ কবি-ঔপন্যাসিক টমাছ হাৰ্ডিৰ জন্ম হৈছিল।
➡️১৮৮২ চনৰ ২ জুন তাৰিখে ইটালীৰ সামৰিক নেতা আৰু বীৰ যোদ্ধা যোছেপ্পে গেৰিবল্ডীৰ মৃত্যু হৈছিল।
➡️১৯১৮ চনৰ আজিৰ দিনটোতে কবি-দাৰ্শনিক ভৱানন্দ দত্তৰ জন্ম হৈছিল।
➡️১৯৫৭ চনৰ এই দিনটোতে ডেনমাৰ্কৰ নোবেল জয়ী সাহিত্যিক কাৰ্ল আডলফ গিয়েলেৰাপৰ জন্ম হৈছিল। গিয়েলেৰাপে ১৯১৭ চনত ডেনমাৰ্কৰে আন এজন সাহিত্যিক হেনৰিক পোণ্টোপিডানৰ লগত যুটীয়াভাৱে সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
➡️১৯৮৭ চনৰ ২ জুন তাৰিখে কাঠমাণ্ডুত ছাৰ্ক শীৰ্ষ সন্মিলন আৰম্ভ হৈছিল।
➡️১৯৮৮ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেতা, প্ৰযোজক আৰু পৰিচালক ৰাজ কাপুৰৰ ৬৪ বছৰ বয়সত নতুন দিল্লীত মৃত্যু হৈছিল।
➡️১৯৯০ চনৰ এই দিনটোতে ইৰানত প্ৰবল ভূমিকম্পত ২১,৪০,০০০ লোকৰ মৃত্যু হৈছিল।
➡️১৯৯১ চনৰ ২ জুন তাৰিখে গুৱাহাটীত এক পথ দুৰ্ঘটনাত ৰাজ্যসভাৰ সদস্য আৰু প্ৰাক্তন কেন্দ্ৰীয় আইনমন্ত্ৰী দীনেশ গোস্বামীৰ মৃত্যু হৈছিল।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে হোছনি মোবাৰক চতুৰ্থবাৰৰ বাবে ইজিপ্টৰ ৰাষ্ট্ৰপতি হৈছিল।
➡️২০০১ চনৰ এই দিনটোতে জনপ্ৰিয় কমিকছ ‘ডেনিছ দা মেনেছ’ৰ স্ৰষ্টা হেনৰী হেংক কেছামৰ ৮১ বছৰ বয়সত মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.