আজি ৫ জুন

➡️আজিৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়।
➡️এই দিনটো ছিচিলিৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️১২৬৫ চনৰ ৫ জুন তাৰিখে ইটালীৰ কবি ডাণ্টেৰ জন্ম হৈছিল।
➡️১৬৫৯ চনৰ আজিৰ দিনটোতে ঔৰংজেৱৰ আলমগীৰ উপাধি গ্ৰহণ।
➡️১৭৮৩ চনৰ এই দিনটোতে ফ্ৰান্সৰ মণ্টিগ’লফিৰ ভাতৃদ্বয়ৰ প্ৰথম বেলুনৰ উৰণ। এই বছৰৰ ১৯ ছেপ্টেম্বৰত তেওঁলোকে এটা কুকুৰা, এটা ভেড়া আৰু এটা হাঁহ বেলুনত ভৰাই উৰুৱায়। মাটিত বাস কৰা অধিবাসীৰ ভিতৰত এইকেইটাই আছিল প্ৰথম আকাশযাত্ৰী।
➡️১৮৭৫ চনৰ ৫ জুন তাৰিখে স্কটলেণ্ডৰ পদাৰ্থ-বিজ্ঞানী আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ টেলিফোন আৱিষ্কাৰ।
➡️১৮৯৯ চনৰ আজিৰ দিনটোতে স্পেইনৰ কবি, নাট্যকাৰ ফেডেৰিকো গাৰ্ছিয়া লৰকাৰ জন্ম হৈছিল।
➡️১৯৮৪ চনৰ এই দিনটোতে পঞ্জাবত উগ্ৰপন্থীৰ কাৰ্যকলাপ দমনৰ অৰ্থে অমৃতসৰৰ স্বৰ্ণ মন্দিৰত সেনাৰ অভিযান। সেনাৰ এই অভিযান ‘অপাৰেচন ব্লু’ষ্টাৰ’ নামে জনাজাত।
➡️২০০৩ চনৰ ৫ জুন তাৰিখে অসমৰ ৰাজ্যপাল ৰূপে অজয় সিঙৰ শপত গ্ৰহণ। ২০০৮ চনৰ ৩ জুলাইলৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰে।।

 

You might also like
Leave A Reply

Your email address will not be published.