আজি ৯ জুন

➡️১৭৮১ চনৰ আজিৰ দিনটোতে ইংৰাজ অভিযন্তা তথা ৰে’ল ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনছনৰ জন্ম হৈছিল।
➡️১৮৩৪ চনৰ এই দিনটোতে ভাৰতত বাস কৰা ইংৰাজ ধৰ্মযাজক উইলিয়াম কেৰীৰ মৃত্যু হৈছিল। ভাৰতত মুদ্ৰণ শিল্পৰ বিকাশত কেৰীৰ বিশেষ অৰিহণা আছে।
➡️১৮৭০ চনৰ ৯ জুন তাৰিখে ইংৰাজ সাহিত্যিক, ঔপন্যাসিক চালৰ্ছ ডিকেন্সৰ মৃত্যু হৈছিল।
➡️১৮৯৪ চনৰ আজিৰ দিনটোতে সাহিত্যিক মিত্ৰদেৱ মহন্তৰ জন্ম হৈছিল।
➡️১৯৬৪ চনৰ এই দিনটোতে লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। ১৯৬৬ চনৰ ১১ জানুৱাৰীলৈকে শাস্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৮৬ চনৰ ৯ জুন তাৰিখে ভাৰতৰ প্ৰথমজন এইডছ ৰোগীৰ মৃত্যু হৈছিল।
➡️১৯৯১ চনৰ আজিৰ দিনটোতে ৬০০ বছৰৰ মূৰত ফিলিপাইনছৰ পিনাটুবো আগ্নেয়গিৰিৰ উদ্গীৰণ হৈছিল। এই উদ্গীৰণৰ ফলত উত্তপ্ত লাভা, শিলাখণ্ড, ছাই আদি ১৪ কিলোমিটাৰ পৰ্যন্ত বিয়পি পৰে। আতংকত ঘৰ-বাৰী এৰিবলগীয়া হয় প্ৰায় ৩৫ হাজাৰ লোকে।।

You might also like
Leave A Reply

Your email address will not be published.