পুনৰ খেলিব পাৰিবনে ক্ৰিষ্টিয়ান এৰিকছেনে?

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

পুনৰ ফুটবল বিশ্বত দেখা পোৱা নাযাব নেকি ডেনমাৰ্কৰ দুৰ্দান্ত মিডফিল্ডাৰ ক্ৰিষ্টিয়ান এৰিকছেনক।চিকিৎসকৰ ভাষ্যত সম্প্ৰতি এনে এক উদ্বেগজনক পূৰ্বানুমানেই স্পষ্ট হৈছে।

শণিবাৰে ইউৰ’ কাপৰ ‘গ্ৰুপ বি’ৰ ফিনলেণ্ডৰ বিৰুদ্ধে খেলখনৰ প্ৰথমাৰ্ধতে খেলপথাৰত ঢলি পৰা ডেনমাৰ্কৰ খেলুৱৈজনক লৈ নিমিষতে বিশ্বজুৰি হুৱাদুৱাৰ সৃষ্টি হৈছিল। ১০ মিনিট সময় খেলপথাৰতে CPR দি উশাহ ঘুৰাই অনাৰ চেষ্টা চলাই খেলুৱৈজনক হস্পাটালত ভৰ্তি কৰোৱা হৈছিল।

হৃদৰোগ বিশেষজ্ঞ স্কট মাৰৰ মতে এৰিকছেন হৃদৰোগত আক্ৰান্ত হৈ এনে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল নেকি সেই কথা ECG কৰাৰ পাছতহে স্পষ্ট হ’ব। কিন্তু যদিহে ১১ বছৰীয়া ফুটবল কেৰিয়াৰত কোনো দিনেই এনে কঠিন ৰোগৰ সন্মুখীন নোহোৱা খেলুৱৈজনৰ হৃদৰোগ ধৰা পৰে তেন্তে আৰু কোনোদিনেই খেলপথাৰত দেখা পোৱা নাযাব ইটালীৰ ইন্টাৰ মিলানৰ হৈ খেলা দুৰ্দান্ত মিডফিল্ডাৰজনক।কাৰন হৃদৰোগত আক্ৰান্ত হ’লে ইটালীত ফুটবলকে ধৰি সকলো ক্ৰীড়া নিষিদ্ধ।

সম্প্ৰতি জনপ্ৰিয় খেলুৱৈজনৰ আচলতে কি হৈছিল, চিকিৎসক সুত্ৰৰ পৰা জানিবলৈ উদগ্ৰীৱ হৈ পৰিছে সমগ্ৰ ক্ৰীড়া বিশ্ব। ।

You might also like
Leave A Reply

Your email address will not be published.