পৃথিৱীৰ ৯০ আলোকবৰ্ষ দূৰত নতুন গ্ৰহ

নিউজ ডেস্ক, এন ই ভাৰত

শেহতীয়াকৈ নাছাৰ জেট প্ৰপালশান লেৱৰেটৰীৰ বহিৰ্জগত বিজ্ঞানী ড’ জেনিফাৰ বাৰ্টৰ নেতৃত্বত এদল গৱেষকে আৱিষ্কাৰ কৰিছে এটা নতুন গ্ৰহ । এই গ্ৰহটোৰ আকাৰ পৃথিৱীতকৈ তিনি গুণ ডাঙৰ আৰু ইয়াৰ অৱস্থিতি পৃথিৱীতকৈ ৯০ আলোকবৰ্ষ দূৰত। গ্ৰহটোৰ নাম দিয়া হৈছে TOI-1231। ইয়াত জলীয় বাষ্প আৰু মেঘ থকা বুলি ধাৰণা কৰিছে গৱেষকে। এটা ৰঙা নক্ষত্ৰক কেন্দ্ৰ কৰি গ্ৰহটো প্ৰদক্ষিণ কৰি আছে। নক্ষত্ৰটো সূৰ্যতকৈ বহু সৰু। নতুন গ্ৰহটোৱে মাত্ৰ ২৪ দিনতেই নক্ষত্ৰটোক সম্পূৰ্ণ এপাক প্ৰদক্ষিণ কৰে । অৰ্থাৎ ২৪ দিনতেই সম্পূৰ্ণ হয় এবছৰ। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে গ্ৰহটোৰ কক্ষপথ নক্ষত্ৰটোৰ নিচেই ওচৰত। তথাপিও গ্ৰহটোত ভীষণ উত্তাপ পৰিলক্ষিত নহয়। কিয়নো নক্ষত্ৰটোৰ আকাৰ অতি ক্ষুদ্ৰ। গৱেষকে নেপচুনৰ লগত এই গ্ৰহৰ সাদৃশ্য থকা বুলি মন্তব্য কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.