আজি ৫ জুলাই

➡️আজিৰ দিনটো কেপ ভাৰ্দেৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৮৮ চনৰ এই দিনটোতে মাৰ্কিন শৰীৰবিদ তথা চিকিৎসক হাৰ্বাৰ্ট স্পেনছাৰ গাছাৰৰ জন্ম হৈছিল। স্পেনছাৰে ১৯৪৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৪৭ চনৰ ৫ জুলাই তাৰিখে ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত হৈছিল।
➡️১৯৬৪ চনৰ আজিৰ দিনটোতে বুৰঞ্জীবিদ, সাহিত্যিক সূৰ্যকুমাৰ ভূঞাৰ মৃত্যু হৈছিল।
➡️১৯৯৯ চনৰ এই দিনটোতে ঢাকা-কলকাতাৰ মাজত প্ৰথম বাছ চলাচল আৰম্ভ হৈছিল।
➡️২০০২ চনৰ ৫ জুলাই তাৰিখে টেলিকম কেলেংকাৰিত অভিযুক্ত প্ৰাক্তন মন্ত্ৰী সুখ ৰামক তিনি বছৰৰ সশ্ৰম কাৰাদণ্ড দিয়া হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.