আজি ৬ জুলাই

➡️আজিৰ দিনটো কোমোৰোছৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️১৫৩৫ চনৰ এই দিনটোতে ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ টমাছ মোৰেৰ মৃত্যু হৈছিল।
➡️১৮৯৩ চনৰ ৬ জুলাই তাৰিখে ফৰাচী কথা-সাহিত্যিক গী ডি মোপাছাঁৰ মৃত্যু হৈছিল।
➡️১৯০১ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনসংঘৰ অন্যতম প্ৰতিষ্ঠাতা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্ম হৈছিল।
➡️১৯২৬ চনৰ এই দিনটোতে সাহিত্যিক মহিম বৰাৰ জন্ম হৈছিল।
➡️১৯৪৪ চনৰ ৬ জুলাই তাৰিখে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতা ৰূপে সম্বোধন।
➡️১৯৪৬ চনৰ আজিৰ দিনটোতে ৪৩ সংখ্যক মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ জন্ম হৈছিল।
➡️১৯৬০ চনৰ এই দিনটোতে শিলগুৰি ৰে’ল ষ্টেচনত উন্মত্ত বাংলাভাষীৰ দ্বাৰা ৰে’ল কৰ্মচাৰী, সাহিত্যিক, সাংবাদিক সূৰ্য বৰাক হত্যা কৰা হৈছিল।
➡️১৯৬২ চনৰ ৬ জুলাই তাৰিখে মাৰ্কিন লেখক উইলিয়াম ফকনাৰৰ মৃত্যু হৈছিল। ফকনাৰে ১৯৪৯ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
➡️১৯৮৬ চনৰ আজিৰ দিনটোতে জাতীয়তাবাদী নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী বাবু জগজীৱন ৰামৰ মৃত্যু হৈছিল।
➡️২০০২ চনৰ এই দিনটোতে শিল্পপতি, ৰিলায়েন্স উদ্যোগৰ প্ৰতিষ্ঠাতা ধীৰুভাই আম্বানীৰ মৃত্যু হৈছিল।
➡️২০০৬ চনৰ ৬ জুলাই তাৰিখে সুদীৰ্ঘ ৪৪ বছৰৰ মূৰত নাথু লা গিৰিপথ পুনৰ মুকলি কৰা হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.