আজি ৯ জুলাই

➡️১৫৩৩ চনৰ আজিৰ দিনটোতে বংগৰ বৈষ্ণৱ কবি শ্ৰীচৈতন্য দেৱৰ মৃত্যু হৈছিল।
➡️১৮১৯ চনৰ এই দিনটোতে আধুনিক চিলাই কলৰ আৱিষ্কাৰক ইলিয়াছ হাওৰ আমেৰিকাৰ মেচাচুছেটছ চহৰত জন্ম হৈছিল।
➡️১৯৬৯ চনৰ ৯ জুলাই তাৰিখে ‘সিংহ’ক ভাৰতৰ ৰাষ্ট্ৰীয় পশু ৰূপে স্বীকৃতি দিয়া হৈছিল।
➡️১৯৯৪ চনৰ আজিৰ দিনটোতে প্ৰগতিশীল কবি, পথাৰৰ কবি ৰূপে খ্যাত ৰাম গগৈৰ মৃত্যু হৈছিল।
➡️১৯৯৮ চনৰ এই দিনটোতে ৰাজ্যসভাৰ উপাধ্যক্ষ পদত চতুৰ্থবাৰৰ বাবে নাজমা হেপতুল্লা নিৰ্বাচিত হৈছিল।
➡️১৯৯৯ চনৰ ৯ জুলাই তাৰিখে নুমলীগড়ত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ মুকলি কৰা হৈছিল।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে পাক অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা ভাৰতীয় সেনাই বাটালিক উদ্ধাৰ কৰিছিল।
➡️১৯৯৯ চনৰ এই দিনটোতে চৈয়দ আব্দুল মালিক আৰু ভৱেশ সান্যালক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হৈছিল।
➡️২০০২ চনৰ ৯ জুলাই তাৰিখে সংস্কৃত পণ্ডিত, প্ৰাক্তন সাংসদ বিশ্বনাৰায়ণ শাস্ত্ৰীৰ মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.