মহাকাশলৈ পুনৰ জলভালুক

স্পেচিয়েল ডেস্ক, এন ই ভাৰত

শেহতীয়াকৈ নাছাৰ কেনেডী মহাকাশ কেন্দ্ৰৰ পৰা পুনৰ ‘ড্ৰেগন’ যানত মহাকাশলৈ প্ৰেৰণ কৰা হৈছে পাঁচ হাজাৰ জল ভালুক অৰ্থাৎ টাৰ্ডিগ্ৰেড। লগতে নাছাই যানখনত প্ৰেৰণ কৰিছে আন্ধাৰত উজলি থকা ১২৮ টা বৱটেল স্কুইড আৰু কিছু গৱেষণা উপাদান। মহাকাশত এই জীৱটোৰ জীৱন ৰহস্য আন্তঃৰাষ্ট্ৰীয় গৱেষণাগাৰত জনাৰ চেষ্টা কৰা হ’ব। লগতে মহাকাশত জীয়াই থাকিবলৈ প্ৰয়োজনীয় বিভিন্ন চাপ সম্পৰ্কেও অধ্যয়ন কৰা হ’ব।
২০১৯ চনত ইজৰাইলে জলভালুক চন্দ্ৰলৈ প্ৰেৰণ কৰিছিল যদিও অৱতৰণৰ সময়ত যানখন ধ্বংস হৈছিল। কিন্তু গৱেষকে জলভালুককেইটা এতিয়াও চন্দ্ৰৰ বুকুত জীয়াই থকা বুলি ধাৰণা কৰে।
জলভালুক অৰ্থাৎ টাৰ্ডিগ্ৰেড এবিধ বহুকোষী, ক্ষুদ্ৰাকাৰ প্ৰাণী। ইয়াৰ দেহৰ দৈৰ্ঘ্য ১-১.৫ মিলি মিটাৰ। অনুবীক্ষণ যন্ত্ৰত ইয়াৰ দেহৰ গঠন ধৰা পৰে আৰু আঠঠেঙীয়া বগা ভালুক যেন লাগে। ইয়াৰ মুখখন গোল অদ্ভুত আকৃতিৰ। অত্যন্ত উষ্ণতা বা অতি শীতল পৰিবেশৰ লগতে মহাকাশৰ শূণ্যপ্ৰায় মাধ্যাকৰ্ষণত পেলাই দিলেও ইয়াৰ মৃত্যু নহয়। দেহৰ সকলো পানী শুকাই গ’লেও জৈৱ ৰাসায়নিক পৰিবৰ্তন মাত্ৰ ০.০১ % হে হয়। কেইবা দশকৰ পাছত পানী পালেই পুনৰ সবল হৈ উঠে।

You might also like
Leave A Reply

Your email address will not be published.