GMCHঅত ভয়ংকৰ বেহা

নিউজ ডেস্ক-

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এইবাৰ নকল পেচমেকাৰৰ ৰমৰমীয়া বেহা। GMCH ৰ চৌহদতে বিক্ৰী কৰি আহিছে নকল পেচমেকাৰ। GMCH চৌহদত থকা ৰ’দালি মেডি’কজ নামৰ ফার্মাচীখনত বিক্রী কৰা হৈছিল নকল পেচমেকাৰ৷ ছেইন্ট জুডে মেডিকেল নামৰ প্ৰতিষ্ঠানটোৱে প্ৰস্তত কৰিছিল পেচমেকাৰটো। GMCH ত চিকিৎসাধীন এজন ৰোগীৰ আত্মীয়ই ৰ’দালি মেডি’কজ নামৰ ফার্মাচীখনৰ পৰা পেচমেকাৰটো ক্রয় কৰিছিল৷ GMCH ৰ চিকিৎসক ডা: প্ৰণৱ ভট্টাচাৰ্যই অস্ত্ৰোপ্ৰচাৰৰ সময়ত ধৰা পেলাই এই কথা। চিকিৎসক ডা: প্ৰণৱ ভট্টাচাৰ্যই ঘটনা সন্দর্ভত GMCH ৰ অধীক্ষক আৰু অধ্যক্ষক অৱগত কৰে৷ GMCH ৰ চিকিৎসকসকলে পেচমেকাৰটো নকল বুলি নিশ্চিত কৰে৷ ইতিমধ্যই বন্ধ কৰি দিয়া হৈছে ৰ’দালি মেডি’কজ নামৰ ফার্মাচীখন। এই সন্দৰ্ভত GMCHৰ অধ্যক্ষই ভঙাগড় থানাত ৰুজু কৰিছে গোচৰ। দোষীক কঠোৰ শাস্তি বিহাৰ দাবী GMCHৰ অধ্যক্ষৰ।।

You might also like
Leave A Reply

Your email address will not be published.