আজি ২১ জুলাই

➡️আজিৰ দিনটো বেলজিয়ামৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৬৫৮ চনৰ এই দিনটোতে পিতৃ শ্বাহজাহানক আগ্ৰা দুৰ্গত বন্দী কৰি অনানুষ্ঠানিকভাৱে ঔৰংজেৱৰ দিল্লীৰ ৰাজপাটত আৰোহণ।
➡️১৮৮৩ চনৰ ২১ জুলাই তাৰিখে কলকাতাত ভাৰতৰ প্ৰথম ৰাজহুৱা ৰংগমঞ্চ ‘ষ্টাৰ থিয়েটাৰ’ মুকলি কৰা হৈছিল।
➡️১৯০৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ মৃত্যু হৈছিল।
➡️১৯৮৯ চনৰ এই দিনটোতে আনিছেট্টী ৰঘুবীৰৰ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ। ১৯৯০ চনৰ ২ মে’লৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️২০০১ চনৰ ২১ জুলাই তাৰিখে কাশ্মীৰত অমৰনাথ যাত্ৰীসহ ১৫ জনক গুলীয়াই হত্যা কৰা হৈছিল।
➡️২০০৩ চনৰ আজিৰ দিনটোতে সংসদৰ ৩৩ দিন জোৰা বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছিল।
➡️২০০৭ চনৰ এই দিনটোতে ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতি ৰূপে প্ৰতিভা পাটিল নিৰ্বাচিত হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.