আজি ২২ জুলাই

➡️১৮২২ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়াৰ ধৰ্মযাজক আৰু প্ৰকৃতি-বিজ্ঞানী গ্ৰেগৰ জোহান মেণ্ডেলৰ জন্ম হৈছিল।
➡️১৮৯৪ চনৰ এই দিনটোতে ফ্ৰান্সত প্ৰথম মটৰ গাড়ী দৌৰ প্ৰতিযোগিতা হৈছিল।
➡️১৯৪৭ চনৰ ২২ জুলাইত কংগ্ৰেছৰ কৰাচী অধিৱেশনত গৃহীত পতাকাখনত যঁতৰৰ ঠাইত অশোক চক্ৰ বহুৱাই ইয়াক ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা ৰূপে গ্ৰহণ কৰা হৈছিল। এই পতাকাৰ আৰ্হি নিৰ্মাতা আছিল বদৰুদ্দিন তৈয়বজী।
➡️১৯৯১ চনৰ আজিৰ দিনটোতে নতুন দিল্লীৰ নেচনেল ইনষ্টিটিউট অব ইমিউন’লজীৰ সঞ্চালক ডঃ জি পি তলোৱাৰালৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অব অনাৰ’ প্ৰদান কৰা হৈছিল। এই সন্মান লাভ কৰা তেৱেঁই প্ৰথম ভাৰতীয় বিজ্ঞানী।
➡️১৯৯৯ চনৰ এই দিনটোতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ টেলিস্কোপ ‘চন্দ্ৰ’ক মহাকাশত স্থাপন কৰা হৈছিল।
➡️২০০৬ চনৰ আজিৰ দিনটোতে বিশিষ্ট কবি হৰি বৰকাকতি(৭৯)ৰ মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.