আজি ২৩ জুলাই

➡️১৮৫৬ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ জন্ম হৈছিল। ‘স্বৰাজ মোৰ জন্মস্বত্ব’ শীৰ্ষক বাণীৰ স্ৰষ্টা ৰূপে তিলক বিখ্যাত।
➡️১৮৭৫ চনৰ এই দিনটোতে ব্যৱসায়িক ভিত্তিত চিলাই কলৰ উৎপাদন আৰম্ভ কৰা আইজাক মেৰিট ছিংগাৰৰ মৃত্যু হৈছিল।
➡️১৮৯৮ চনৰ ২৩ জুলাই তাৰিখে প্ৰসিদ্ধ বাংলা সাহিত্যিক তাৰাশংকৰ বন্দোপাধ্যায়ৰ জন্ম হৈছিল।
➡️১৯০৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ বিপ্লৱী, স্বাধীনতা সংগ্ৰামী চন্দ্ৰশেখৰ আজাদৰ জন্ম হৈছিল।
➡️১৯১৬ চনৰ এই দিনটোতে ইংৰাজ বিজ্ঞানী ছাৰ উইলিয়াম ৰেমছেৰ মৃত্যু হৈছিল। তেওঁ ১৯০৪ চনত ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯২৭ চনৰ ২৩ জুলাই তাৰিখে মুম্বাই আৰু কলকাতাত ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন আৰু নিয়মীয়া সম্প্ৰচাৰ আৰম্ভ হৈছিল। বেচৰকাৰী খণ্ডত প্ৰতিষ্ঠিত এই কেন্দ্ৰ পৰিচালনা কৰা কোম্পানীটোৰ নাম আছিল ‘ইণ্ডিয়ান ব্ৰডকাষ্টিং কৰ্পোৰেচন’।
➡️১৯৩৪ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ চৰকাৰৰ দ্বাৰা ভাৰতৰ কমিউনিষ্ট পাৰ্টীক বেআইনী ঘোষণা কৰা হৈছিল।
➡️১৯৯৪ চনৰ এই দিনটোতে সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লীলা গগৈৰ মৃত্যু হৈছিল।
➡️২০০৪ চনৰ ২৩ জুলাই তাৰিখে হিন্দী চলচ্চিত্ৰৰ জনপ্ৰিয় কৌতুক অভিনেতা মেহমুদৰ মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.