আজি ৮ আগষ্ট

➡️১৯৭৭ চনৰ আজিৰ দিনটোতে অনিৰ্দিষ্ট কাললৈ ভাৰত চৰকাৰৰ অসামৰিক সন্মান ভাৰতৰত্ন আৰু পদ্ম সন্মান প্ৰদান বন্ধ কৰা হৈছিল।
➡️২০০৬ চনৰ এই দিনটোতে সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ মৃত্যু হৈছিল।
➡️১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে বোম্বাইত (মুম্বাই) অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল। ৯ আগষ্টৰ পৰা দেশজুৰি ভাৰত ত্যাগ আন্দোলনৰ সূচনা হয় আৰু মহাত্মা গান্ধীসহ বহু কংগ্ৰেছ নেতা গ্ৰেপ্তাৰ হৈছিল।
➡️১৯৫৫ চনৰ আজিৰ দিনটোতে পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ সম্পৰ্কে আলোচনাৰ বাবে জেনেভাত আন্তৰ্জাতিক সন্মিলন হৈছিল। ৭২খন দেশৰ ১,২০০ বিজ্ঞানীয়ে এই সন্মিলনত অংশ গ্ৰহণ কৰে।।

 

You might also like
Leave A Reply

Your email address will not be published.