আৰক্ষীৰ জালত প্ৰৱঞ্চকৰ দল

বৃহস্পতিবাৰে নিশা নগাঁৱৰ ধিং গেটৰ পৰা আৰক্ষীয়ে খেদি খেদি আটক কৰিলে নকল সোণৰ সৰৱৰহকাৰীক।

এজন লোকক সোণ বিক্ৰী কৰিবলৈ আহি ঠগাৰ কথা নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীয়ে জানিব পাৰি আৰম্ভ কৰিছিল অভিযান।

এই অভিযানতেই নগাঁৱৰ ধিং গেটৰ পৰা আৰক্ষীয়ে খেদি খেদি এজন লোকৰ বিল্ডিঙৰ ওপৰৰ পৰা নকল সোণৰ নাও,যীশুখ্ৰীষ্টৰ মূৰ্তিসহ আটক কৰে সৰৱৰহকাৰী কেইটাক।সৰৱৰহকাৰী কেইটাৰ নাম আলাল উদ্দিন, জাফৰ আলী, আলীকুল ইছলাম বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। ধৃত আটাই কেইটা সৰবৰাহকাৰীৰ ঘৰ লক্ষীমপুৰত। সম্প্ৰতি অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।

You might also like
Leave A Reply

Your email address will not be published.