স্বাধীনতা আৰু গণৰাজ্য দিৱসত পতাকা উত্তোলনৰ পাৰ্থক্য কি জানেনে?

স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস ভাৰতৰ ইতিহাসৰ দুটা গৌৰৱময় দিন। এই বিশেষ দিন দুটাত ৰাষ্ট্ৰীয় পতাকাক সন্মান জনোৱা হয়। কিন্তু এই দুদিনত পতাকা উত্তোলন কৰাৰ পদ্ধতিত কিছু পাৰ্থক্য দেখা যায়। পাৰ্থক্য কি আপুনি জানেনে?

১৫ আগষ্টত কেনেদৰে পতাকা উত্তোলন কৰা হয়?

স্বাধীনতা দিৱসত তলৰ পৰা ওপৰলৈ, মাটিত স্পৰ্শ নকৰাকৈ পতাকা উত্তোলন কৰা হয়। ইংৰাজীত ইয়াক Hoist বুলি কোৱা হয়।

২৬ জানুৱাৰীত কেনেকৈ পতাকা উত্তোলন কৰা হয়?

গণৰাজ্য দিৱসত ভাঁজ কৰা পতাকাখন ওপৰলৈ উঠাই তাৰ পৰাহে পতাকাখন খুলি দিয়া হয়। পতাকাখন নমাই অনা নহয়। মাত্ৰ ভাঁজ খুলি মুক্ত কৰি দিয়ে। এই প্ৰক্ৰিয়াক Unfurl বা উন্মোচন বোলা হয়। স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় সংগীত গোৱাটো বাধ্যতামূলক।

কিয় দুদিন দুই পৃথক নিয়মত পতাকা উত্তোলন কৰা হয়?

১৫ আগষ্টত ভাৰত ব্ৰিটিছৰ পৰা শিকলিৰ পৰা মুক্ত হ’ল। গতিকে আজিৰ দিনটোতে অৰ্থাৎ ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ ইউনিয়ন জেক নমাই ভাৰতৰ ত্ৰিৰংগা উত্তোলন কৰা হয়। তেতিয়াৰ পৰাই চলি আহিছে এই নিয়ম। আনহাতে, ১৯৫০ চনৰ ২৬ জানুৱাৰীত আমাৰ দেশৰ সংবিধান গৃহীত হৈছিল। যিহেতু তেতিয়ালৈকে ভাৰতে স্বাধীনতা লাভ কৰিছিল,সেয়ে ভাৰতৰ ইতিমধ্যে উত্তোলিত ত্ৰিৰংগাক পুনৰ উত্তোলন কৰা নহ’ল। কেৱল ভাঁজ কৰি ২৬ জানুৱাৰীত মুক্ত কৰি দিয়া হৈছিল পতাকাখন।।

You might also like
Leave A Reply

Your email address will not be published.