কৰ’নাকালত কি খোৱা ভাল? চাওক এই তালিকা

নিউজ ডেস্ক, এন ই ভাৰত

কৰ’ণাকালত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ মানৱ দেহক প্ৰয়োজন সুষম আহাৰৰ। সুস্থ শৰীৰেৰে কৰ’ণাক প্ৰতিহত কৰিবলৈ আমাৰ দৈনিক খাদ্য তালিকাত কিছু ৰঙীন পাচলি বা ফলৰ প্ৰয়োজন। সাধাৰণতে বেঙুনীয়া ৰঙৰ পাচলি খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। কিয়নো বেঙুনীয়া ৰঙৰ পাচলিত থকা আন্থোসায়ানিনস নামৰ অত্যাধিক পুষ্টিসম্পন্ন যৌগিক উপাদানবিধে এন্টিঅক্সিডেন্ট উৎপাদনত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। আনহাতে এই যৌগিক উপাদান বিধে উচ্চ ৰক্তচাপ , কলেষ্টৰেলৰ দৰে ৰোগ নিৰাময় কৰি শৰীৰক সমতা প্ৰদান কৰে।
এই যৌগিক উপাদানবিধ থকা কিছুমান পাচলি বা ফল-মূল হ’ল….
???? ৰঙা আঙুৰঃ
ৰঙা আঙুৰৰ মাজত থকা এন্টিঅক্সিডেন্টে কাৰ্ডিওভাস্কুলাৰত সহায় কৰে। লগতে ৰক্তনলী শিথিল কৰে। প্ৰদাহ হ্ৰাস কৰে।

????বীটঃ
বীটত খনিজ লৱণ,ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে। হিম’গ্লবিনৰ পৰিমান বৃদ্ধি কৰাত বীটে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে।

????বেঙুনীয়া গাজৰঃ
বেঙুনীয়া গাজৰ ভিটামিন চি, ভিটামিন এ, মেংগানিজ, পটাচিয়াম আদি সমৃদ্ধ। হজমৰ সমস্যাৰ পৰা বেঙুনীয়া গাজৰে শৰীৰক দূৰত ৰাখে।

????একাই বেৰিঃ
দক্ষিণ আমেৰিকাত পোৱা এই ফলবিধত থকা এন্টিঅক্সিডেন্টে শৰীৰক ৰোগ প্ৰতিৰোধ কৰিব পৰাকৈ শক্তিশালী কৰি তোলে।

????বেঙুনীয়া বন্ধাকবিঃ
ভিটামিন এ আৰু ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে বেঙুনীয়া বন্ধাকবিত। ইয়ে শৰীৰক অসংক্ৰামক কৰি ৰাখে।

????বেঙেনাঃ
বেঙেনাত মেংগানিজ, থায়ামিন, B6 আদি প্ৰচুৰ পৰিমানে থাকে,যিয়ে বিপাকীয় আৰু হাড়ৰ সমস্যা সমাধানত সহায় কৰে।।

You might also like
Leave A Reply

Your email address will not be published.