আজি ১৭ আগষ্ট

➡️১৭৬১ চনৰ আজিৰ দিনটোতে ভাৰতত বসবাস কৰা ইংৰাজ ধৰ্মযাজক উইলিয়াম কেৰীৰ জন্ম হৈছিল।
➡️১৭৮৬ চনৰ এই দিনটোতে প্ৰুছিয়াৰ ৰজা দ্বিতীয় ফ্ৰেডৰিক বা ফ্ৰেডৰিক দি গ্ৰেটৰ মৃত্যু হৈছিল।
➡️১৯৪৭ চনৰ ১৭ আগষ্ট তাৰিখে ভাৰত স্বাধীন হোৱাৰ পিছত ব্ৰিটিছ সেনাৰ প্ৰথমটো বেটেলিয়নৰ স্বদেশ অভিমুখে যাত্ৰা।
➡️১৯৮৮ চনৰ আজিৰ দিনটোতে বিমান দুৰ্ঘটনাত পাকিস্তানৰ ৰাষ্ট্ৰপতি জিয়াউল হকৰ মৃত্যু হৈছিল।
➡️১৯৯৯ চনৰ এই দিনটোতে তুৰস্কত প্ৰচণ্ড ভূমিকম্পত ১২,০০০ লোক নিহত হৈছিল আৰু ছয় লাখ লোক গৃহহীন হৈছিল।
➡️২০০১ চনৰ ১৭ আগষ্ট তাৰিখে অসমৰ ঠায়ে ঠায়ে বুট-মগু খাই সহস্ৰাধিক লোক আক্ৰান্ত হৈছিল। ৰাজ্যত বুট-মগুৰ বিক্ৰী বন্ধ কৰা হৈছিল।
➡️১৯৩২ চনৰ আজিৰ দিনটোতে নোবেল জয়ী সাহিত্যিক বিদিয়াধৰ সূৰুযপ্ৰসাদ নাইপলৰ জন্ম হৈছিল।
➡️২০০১ চনৰ এই দিনটোতে ১৬ বছৰৰ বিৰতিৰ মুৰত ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত শ্ৰীলংকা বিজয়ী হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.