বোকাজানত যুদ্ধবিৰত আদিবাসী বিদ্ৰোহীৰ অস্ত্ৰ সম্বৰণ

আদিবাসী বিদ্ৰোহী সংগঠন ‘আনলা’ই প্ৰশাসনক চমজালে অস্ত্ৰ-শস্ত্ৰ।যুদ্ধ বিৰতিত থকা আদিবাসী বিদ্ৰোহী সংগঠন ‘আনলা’ৰ সদস্যই আজি বোকাজানত চমজাই দিয়ে সংগঠনটোৰ হাতত মজুত থকা অস্ত্ৰ-সস্ত্ৰসমূহ। আজি সন্ধিয়া বোকাজান আৰক্ষী থানাত অনুষ্ঠিত অস্ত্ৰ সম্বৰণ কার্যসূচীত উপস্থিত থাকে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস। বিদ্ৰোহী সংগঠনটোৱে জমা দিয়া অস্ত্ৰ-শস্ত্ৰসমূহৰ ভিতৰত আছে ছটা পিষ্টল, চাৰিটা পইণ্ট টু টু ৰাইফল, চাৰিটা SBBL গান, এটা 7.65 semi LR, পাঁচটা SBBL গানৰ গুলি, 12 টা 7.65 mm গুলি ,25 টা পইণ্ট টু টু পিষ্টলৰ গুলি আৰু এটা 51 mm para bomb red | মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত যুদ্ধবিৰত বিদ্ৰোহী সংগঠনটোৱে অস্ত্ৰ-শস্ত্ৰসমূহ জমা দিয়া বুলি উল্লেখ কৰে মহকুমা আৰক্ষী বিষয়া জন দাসে।।

You might also like
Leave A Reply

Your email address will not be published.