আজিৰ পৰা মুকলি হ’ব তাজমহল

নেচনেল ডেস্ক, এন ই ভাৰত

আজিৰ পৰা তাজ মহলকে ধৰি অন্যান্য ঐতিহাসিক স্মৃতি চিহ্ন, সংগ্ৰহালয় তথা স্থান দৰ্শনাৰ্থীৰ বাবে খোলা হ’ব। ইপিনে, আগ্ৰা জিলা প্ৰশাসনে ক’ভিড প্ৰট’কলৰ পৰিপ্ৰেক্ষিতত তাজমহলৰ চৌহদত মাত্ৰ ৬৫০ গৰাকী দৰ্শনাৰ্থীকহে দৰ্শনৰ বাবে অনুমতি দিছে। তাজমহলৰ চৌহদ প্ৰতিদিনে তিনি বাৰকৈ চেনিটাইজ কৰা হ’ব বুলিও উল্লেখ কৰে তাজমহল কতৃপক্ষই। প্ৰতি গৰাকী পৰ্যটকে মাক্স পিন্ধাটো বাধ্যতামূলক। স্মৃতি চিহ্নটোৰ চৌহদত প্ৰৱেশ কৰাৰ আগত পৰ্যটক সকলৰ থাৰ্মেল স্ক্ৰীনিং কৰা হ’ব।

উল্লেখ্য যে, দেশৰ ঐতিহাসিক স্মৃতি চিহ্ন, সংগ্ৰহালয় তথা স্থান সমূহ ক’ভিডৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিত দৰ্শনাৰ্থীৰ বাবে দুমাহ ধৰি বন্ধ হৈ আছিল।।

You might also like
Leave A Reply

Your email address will not be published.