বুধবাৰে পুৱতি নিশা বিহাৰৰ ছিৱানত সংঘটিত হৈছে এক ভয়ংকৰ আক্ৰমণৰ ঘটনা।অচিনাক্ত দুষ্কৃতিকাৰীয়ে আৰক্ষীৰ টহলদাৰী বাহিনীৰ ওপৰত কৰা গুলীচালনাত নিহত ছিছৱন থানাত কৰ্মৰত এজন কনিষ্টবল। নিহত কনিষ্টবল পাটনা জিলাৰ মছৌঢ়ীৰ বাল্মীকি যাদৱ বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, আৰক্ষীৰ টহলদাৰী দলটোৱে টহল দি উভতি আহি থকা সময়ত গ্যাছপুৰ গাঁৱৰ সমীপত ৪ জন লোকক প্ৰত্যক্ষ কৰে। আৰক্ষীৰ সন্দেহ হোৱাত তেওঁলোকক সোধা পোচা আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে সেই স্থানৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে তেওঁলোকৰ পিছ লোৱাত দুৰ্বৃত্তৰ দলটোয়ে আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰাত কনিষ্টবলজনৰ পেট আৰু বুকুত গুলী লাগি ঘটনাস্থলীতে মৃত্যু হয়।

আনহাতে, এই গুলীচালনাত এজন সাধাৰণ লোক আহত হৈছে বুলি জানিব পৰা গৈছে। লোকজনে গুলীচালনাৰ শব্দ শুনি বাহিৰলৈ চাব অহাৰ সময়তে গুলীবিদ্ধ হয়। ঘটনাটো ছিছৱন থানা এলেকাৰ গ্যাছপুৰ গাঁৱৰ সমীপত সংঘটিত হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.