গেৰুৱা ৰঙেৰে মছজিদত লিখিলে “জয় শ্ৰী ৰাম”। উত্তৰ প্ৰদেশৰ হৰদুই জিলাৰ এটা মছজিদৰ গেটত গেৰুৱা ৰঙেৰে কোনো দুৰ্বৃত্তই ‘জয় শ্ৰী ৰাম’ লিখি থৈ যোৱাৰ অভিযোগ। ঘটনাক লৈ উতপ্ত পৰিস্থিতি হৰদুই জিলাত। কোনো দুৰ্বৃত্তই সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবৰ বাবে এক ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ ।পুৱা যেতিয়া মুছলমান সম্প্ৰদায়ৰ লোক সকলে মছজিদলৈ যায় তেতিয়াহে তেওঁলোক অৱগত হয়। মছজিদৰ গেটত “জয় শ্ৰী ৰাম” লিখা ঘটনাক লৈ মুছলমান সম্প্ৰদায়ৰ লোক সকলে চিঞৰ-বাখৰ কৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.