ভাৰতৰ আই টি কোম্পানী ইনফ’ছিছত বৃহৎ জোকাৰণি!

ইনফ’ছিছৰ সভাপতি মোহিত যোশীৰ পদত্যাগ। প্ৰায় ২২ বছৰ নিজৰ সেৱা আগবঢ়াইছিল মোহিত যোশীয়ে

নিউজ ডেস্ক :

ভাৰতৰ অন্যতম বৃহৎ আই টি কোম্পানী ইনফ’ছিছত বৃহৎ জোকাৰণি। ইনফ’ছিছৰ সভাপতি মোহিত যোশীৰ পদত্যাগ। প্ৰায় ২২ বছৰ নিজৰ সেৱা আগবঢ়াইছিল মোহিত যোশীয়ে। মোহিত যোশী ইনফ’ছিছৰ ফাইনেন্সিয়েল চাৰ্ভিচেছ আৰু হেল্থকেয়াৰ/লাইফ ছায়েন্সৰ ব্যৱসায়ৰ দায়িত্বতো আছিল। ইয়াৰ উপৰিও তেওঁ এজজেভাৰভ চিষ্টেমছৰ অধ্যক্ষও আছিল। ইনফ’ছিছে আনুষ্ঠানিকভাৱে আজি ঘোষণা কৰে সভাপতি মোহিত যোশীৰ পদত্যাগৰ কথা।

২০২৩ চনৰ ২০ ডিচেম্বৰৰ পৰা ২০২৮ চনৰ ১৯ ডিচেম্বৰলৈকে কাৰ্যকৰী হোৱাকৈ ৫ বছৰৰ বাবে টেক মহিন্দ্ৰাৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) আৰু পৰিচালন সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছে মোহিত যোশীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.