নেচনেল ডেস্ক
পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে নিজ পত্নীক । ঘৰত হোৱা সাধাৰণ তৰ্ক-বিতৰ্কৰ ফলত পত্নীক ছুৰীৰে হানি-খুচি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এজন ৩৬ বছৰীয়া স্বামীৰ বিৰুদ্ধে। চিবিডি থানাৰ এগৰাকী বিষয়াই জনোৱা মতে, মুম্বাইৰ চিবিডি বেলাপুৰৰ চেক্টৰ ৪ত সংঘটিত হয় এই ঘটনা । আৰক্ষীৰ মতে, দম্পতীহালে সঘনাই কাজিয়াত লিপ্ত হৈছিল।কালি নিশাও প্ৰায় ৯ বজাত সংঘাতৰ পৰিনতিত অভিযুক্তই পত্নীক ছুৰীৰে আঘাত কৰে। যাৰ ফলত থিতাতে মৃত্যু হয় মহিলাগৰাকীৰ । আৰক্ষীক এই বিষয়ে অৱগত কৰাৰ পাছত মহিলাগৰাকীৰ মৃতদেহ ঘৰতে উদ্ধাৰ কৰা হয়। ইফালে তেজেৰে লুটুৰি পুতুৰি হৈ থকা পত্নীৰ মৃতদেহৰ কাষতে বহি আছিল অভিযুক্ত স্বামী। ইতিমধ্যে অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে।।