ছিকিমৰ তচমগো চো হ্ৰদত সংহাৰী হিমস্খলন!

নেচনেল ডেস্ক:

ছিকিমৰ জনপ্ৰিয় পৰ্যটন স্থলী তচমগো চো হ্ৰদত ভয়ংকৰ হিমস্খলন । আজি দিনৰ প্ৰায় ১২:২০ বজাত সংঘটিত বৃহৎ হিমস্খলনৰ ফলত ৬গৰাকী পৰ্যটক থিতাতে নিহত হোৱাৰ বিপৰীতে ১১ গৰাকীকৈ পৰ্যটক আহত হয়। আৰক্ষীয়ে জনোৱা অনুসৰি বৰ্তমানেও বৰফত আৱদ্ধ হৈ আছে ডেৰ শতাধিক লোক । মৃতসকলৰ ভিতৰত চাৰিজন পুৰুষ, এগৰাকী মহিলা আৰু এটা শিশু আছে। আহতসকলক ততাতৈয়াকৈ নিকটতম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।।

You might also like
Leave A Reply

Your email address will not be published.