আজি ৫ এপ্ৰিল

▶️আজি ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস।
▶️আজি সমতা দিৱস।
▶️১৬৭১ চনৰ আজিৰ দিনটোতেই শৰাইঘাটৰ ৰণৰ পৰাজয়ৰ গ্লানি লৈ মোগল সেনাপতি ৰামসিংহৰ অসমৰ পৰা প্ৰত্যাৱৰ্তন।
▶️১৮২৭ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত ইংৰাজ চিকিৎসক যোছেফ লিষ্টাৰৰ জন্ম হৈছিল।
▶️১৮৯৪ চনৰ এই দিনটোতেই বিশিষ্ট শিল্পপতি ঘনশ্যাম দাস বিড়লা (জি ডি বিড়লা)ৰ জন্ম হৈছিল।
▶️১৯০৭ চনৰ এই দিনটোতেই ভাৰতত বয় স্কাউট আন্দোলনৰ সূচনা।পিছলৈ ই ‘ভাৰত স্কাউট এণ্ড গাইডছ’ নামেৰে পৰিচিত হয়।
▶️১৯৪০ চনৰ এই দিনটোতেই বাংলা দৈনিক ‘আনন্দবাজাৰ পত্ৰিকা’ত ‘আনন্দমেলা’ নামেৰে এটা শিশু শিতান আৰম্ভ। ভাৰতৰ আঞ্চলিক ভাষাৰ দৈনিক কাকতত ইয়েই প্ৰথম শিশু শিতান।
▶️১৯৫৭ চনৰ এই দিনটোতেই বিশ্বৰ প্ৰথম নিৰ্বাচিত কমিউনিষ্ট চৰকাৰ ভাৰতৰ কেৰালাত গঠন হৈছিল। মুখ্যমন্ত্ৰীৰ আসনত বহিছিল ই এম এছ নাম্বুদ্ৰিপাদ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই সাহিত্যিক লুম্মেৰ দাইৰ মৃত্যু ঘটিছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই ১৩টা বলাৎকাৰ আৰু এটা হত্যাকাণ্ডৰ অভিযোগত তামিলনাডুৰ তিৰুচিৰাপল্লী আশ্ৰমৰ গুৰু স্বামী প্ৰেমানন্দক যাৱজ্জীৱন কাৰাদণ্ড।।

You might also like
Leave A Reply

Your email address will not be published.