অমৃতসৰৰ ৰাম নগৰ কলনীত বিধ্বংসী অগ্নিকাণ্ড!

অগ্নিকাণ্ডৰ ফলত মৃত্যু হয় একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ

নেচনেল ডেস্ক:

ঞ্জাবৰ অমৃতসৰৰ ৰাম নগৰ কলনীত বিধ্বংসী অগ্নিকাণ্ড।ৰাম নগৰ কলনীৰ ৰোজ এনক্লেভ এলেকাত এটা ঘৰৰ ভিতৰত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত মৃত্যু হয় একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ। আনহাতে আহত হৈছে পৰিয়ালটোৰ প্ৰায় সাত গৰাকীকৈ লোক। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। নিমিষতে জুইৰ শিখা বিয়পি ঘৰটো আগুৰি ধৰাৰ ফলত ভিতৰত আবদ্ধ হৈ পৰা তিনিগৰাকী লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰিবলগীয়া হ’ল বুলি জানিব পৰা গৈছে। পিছত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.