মুকেশ আম্বানী ফ’ৰ্বছৰ বিলিয়নাৰ ২০২৩ৰ তালিকাত আটাইতকৈ ধৰ্ণাঢ্য ক্ৰীড়াৰ মালিক

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে নিজৰ স্থান অক্ষুন্ন ৰাখিবলৈও সক্ষম হয় মুকেশ আম্বানীয়ে

স্প’ৰ্টছ ডেস্ক:

দ্যোগপতি মুকেশ আম্বানী ফ’ৰ্বছৰ বিলিয়নাৰ ২০২৩ৰ তালিকাত আটাইতকৈ ধৰ্ণাঢ্য ক্ৰীড়াৰ মালিক হিচাপে পৰিগণিত হৈছে। ফ’ৰ্বছ বিলিয়নাৰ ২০২৩ তালিকাত এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে নিজৰ স্থান অক্ষুন্ন ৰাখিবলৈও সক্ষম হয় মুকেশ আম্বানীয়ে। ৪ এপ্ৰিলত ফ’ৰ্বছৰ বিলিয়নাৰ ২০২৩ তালিকাত প্ৰকাশ পায় মুম্বাই ইণ্ডিয়ানছৰ ক্ৰিকেট দলৰ স্বত্বাধিকাৰী মুকেশ আম্বানীৰ নাম।

লছ এঞ্জেলছ ক্লিপাৰ্ছৰ মালিক ষ্টিভ বালমাৰক অতিক্ৰমি পুনৰ এই শীৰ্ষস্থান দখল কৰে আম্বানীয়ে। অবশ্যে আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ যোৱা এটা বছৰত হ্ৰাস পাইছে ৩% কৈ।

২০২৩ চনৰ ১০ মাৰ্চত যেতিয়া ফ’ৰ্বছে ২০২৩ চনৰ বিশ্ব বিলিয়নাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে নেট ৱৰ্থ হিচাপ কৰিছিল, তেতিয়া আম্বানীৰ সম্পত্তি আছিল ৮৩.৪ বিলিয়ন ডলাৰ। আনহাতে বালমাৰৰ সম্পত্তি আছিল ৮০.৭ বিলিয়ন ডলাৰ। বালমাৰ এতিয়া বিশ্বৰ দ্বিতীয় আটাইতকৈ ধনী দলৰ মালিক।

মুম্বাই ইণ্ডিয়ানছৰ উপৰিও শেহতীয়াকৈ মহিলা প্ৰিমিয়াৰ লীগত ফ্ৰেঞ্চাইজি ক্ৰয় কৰা ৰিলায়েন্স দক্ষিণ আফ্ৰিকা আৰু UAEটো ক্ৰিকেট দলৰ মালিক।।

You might also like
Leave A Reply

Your email address will not be published.