প্ৰেমিকক কাটি টুকুৰা-টুকুৰ কৰি পুতি থ’লে প্ৰেমিকাই!

নিউজ ডেস্ক:

পুনৰ আন এক নৃশংস হত্যাকাণ্ডই জোকাৰিছে দেশ। পোহৰলৈ আহিছে এগৰাকী প্ৰেমিকাই নিজ প্ৰেমিকক হত্যা কৰাৰ অন্তত টুকুৰা-টুকুৰ কৈ কাটি পুতি থোৱাৰ ঘটনা। চেন্নাইৰ উপকণ্ঠ অঞ্চলৰ কোভালামত সংঘটিত হৈছে এই জঘন্য ঘটনা। মৃত যুৱকজন ভিল্লুপুৰমৰ এম. জিয়ানাথন। চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৰ্মৰত আছিল এম. জিয়ানাথন।

জানিব পৰা মতে বিজয়লক্ষ্মী নামৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল এম. জিয়ানাথনৰ। দুয়োৰে মাজৰ সম্পৰ্ক ক্ৰমে গভীৰ হোৱাত পৰিয়ালৰ লোকক নজনোৱাকৈয়ে বিবাহ পাশত আবদ্ধ হয় বিজয়লক্ষ্মী আৰু এম. জিয়ানাথন। কিন্তু বিয়াৰ পাছৰ বছৰতে দুয়োৰে মাজত হৈছিল বিবাহ বিচ্ছেদ।

কিছুদিন পূৰ্বে গাঁৱলৈ যোৱা এম. জিয়ানাথনৰ কোনো খবৰ নোপোৱাত সন্দেহৰ বশবৰ্তী হৈ জিয়ানাথনৰ ভগ্নীয়ে আৰক্ষীক অৱগত কৰাত বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত। তদন্তৰ সময়ত জিয়ানাথনৰ ফোনৰ পৰা বিজয়লক্ষ্মীৰ ফোন ট্ৰেক কৰাত ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে বিজয়লক্ষ্মীয়ে ফোন কৰি গাঁৱৰ ঘৰলৈ মাতে এম. জিয়ানাথনক। আৰু তাৰ পাছতে সম্পূৰ্ণ পৰিকল্পিতভাৱে বিজয়লক্ষ্মীয়ে তেওঁৰ বন্ধু শংকৰৰ সহায়ত অতি নৃশংসভাৱে হত্যা কৰে এম. জিয়ানাথনক। কেৱল হত্যাই নহয়, হত্যাৰ পাছত জিয়ানাথনৰ মৃতদেহ টুকুৰা-টুকুৰ কৰে। মৃতদেহৰ টুকুৰাবোৰ এটা মোনাত ভৰাই প্ৰায় ৪০০ কি:মি: দূৰৈৰ এটা অঞ্চলত পুতি থয়। উক্ত হত্যাকাণ্ডত বিজয়লক্ষ্মী আৰু শংকৰক এজন পুৰোহিতে সহায় কৰাৰ কথাও উল্লেখ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে দাবী কৰা ধন নিদিয়াৰ বাবে এই হত্যাকণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.