নেচনেল ডেস্ক:
ছত্তীশগড়ত আৰক্ষীৰ বৃহৎ সফলতা। ৰাজ্যখনৰ সুকমা জিলাত বিস্ফোৰকসহ গ্ৰেপ্তাৰ দুই দুধৰ্ষ নক্সালবাদী। আৰক্ষীৰ সূত্ৰ মতে, নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি বিস্ফোৰক সংস্থাপনৰ পৰিকল্পনা কৰা অৱস্থাত জালত পৰে দুই নক্সালবাদী।
জানিব পৰা মতে, ৰায়পুৰৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্বত কুকানাৰ থানাৰ সীমাৰ অন্তৰ্গত কুনা গাঁৱৰ সমীপৰ এখন পাহাৰৰ পৰা আটক কৰা হয় দুই নক্সালবাদীক। আটকাধীন দুই
নক্সালবাদীৰ নাম মুচাক সুখৰাম (২৮) আৰু মাদৱী কোছা (৩০) বুলি জানিব পৰা গৈছে। দুই নক্সালবাদীৰ শিৰৰ বিনিময়ত ১লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰিছিল চৰকাৰে।
ধৃত দুই নক্সালবাদীৰ পৰা প্ৰায় ১০ কিলোগ্ৰাম ওজনৰ এটা টিফিন বোমা, ১২টা ডিটনেটৰ, ৬০ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট, চুইচ, ফায়াৰ ক্ৰেকাৰ আদি উদ্ধাৰ কৰা হৈছে। নক্সাল বিৰোধী অভিযানত নিয়োজিত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি আই ই ডি প্ৰস্তুত কৰাৰ কথা ধৃত দুই নক্সালবাদীয়ে স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে সদৰি কৰিছে।।